ফুল ফুলক ৰ’দৰে ফুল

হৃদয় সেউজী ধৰা

ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰীয়তমা

তোমাৰ খোপাত

ফুল ফুলক ৰ’দৰে ফুল ...

 

নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি

মন আকাশত ডাৱৰৰে ফুল ফুলক আজি

নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি

মন আকাশত ডাৱৰৰে ফুল ফুলক আজি

প্ৰজাপতি মেলা সপোন পাখি মুগ্ধ হিয়াত

ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰীয়তমা

তোমাৰ খোপাত

ফুল ফুলক ৰ’দৰে ফুল ...

 

এৰি অহা বাট ঢাকি থ’ এখিলা শুকান সৰা পাত

সমুখৰ প্ৰণয়ৰ তীৰ্থপথ পখিলা পাখি মেলি তাত ।

 

বাঁহীৰ সুৰত নিশাৰ তৰাই নাচক ৰাতি

দুটি নয়নত মধু জোন জ্বলক আজি

বাঁহীৰ সুৰত নিশাৰ তৰাই নাচক ৰাতি

দুটি নয়নত মধু জোন জ্বলক আজি

সূৰ্য্যমুখী মেলা সপোন পাহি মোৰেই হিয়াত

ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰীয়তমা

তোমাৰ খোপাত

ফুল ফুলক ৰ’দৰে ফুল

হৃদয় সেউজী ধৰা

ফুল ফুলক সূৰ্য্যমুখী ফুল প্ৰীয়তমা

তোমাৰ খোপাত

ফুল ফুলক ৰ’দৰে ফুল ...